ভাৰতৰ মুখ্য ন্যায়াধীশ
From Wikipedia, the free encyclopedia
ভাৰতৰ মুখ্য ন্যায়াধীশ ভাৰতীয় ন্যায় ব্যৱস্থাৰ মুৰব্বী তথা শীৰ্ষ ন্যায় বিষয়া।[4] ভাৰতৰ মুখ্য ন্যায়াধীশ গৰাকী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপতি তথা ন্যায় বিষয়ক মুখ্য প্ৰশাসনিক বিষয়া। তেওঁ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশ সকলক বিচাৰাধীন গোচৰ সমূহ ভগাই দিয়ে। ইয়াৰ লগতে তেওঁ ন্যায় বিষয়ক গুৰুত্বপূৰ্ণ বিষয়ত সাংবিধানিক পীঠৰ গঠন কৰে।[5] ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৪৫ৰ মতে আৰু ১৯৬৬ চনৰ উচ্চতম ন্যায়ালয়ৰ নীতিনিৰ্দেশনা অনুসৰি তেওঁ উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশক গোচৰৰ বিতৰণ কৰে আৰু ন্যায়াধীশ সকলেও প্ৰয়োজন অনুভৱ কৰিলে বিচাৰপীঠৰ সম্প্ৰসাৰণ বা বেলেগ উচ্চ পীঠলৈ স্থানান্তৰ কৰিবলৈ তেওঁৰ কাষ চাপে। প্ৰশাসনিক ফালৰ পৰা তেওঁ ৰষ্টাৰ পদ্ধতি নিৰীক্ষণ কৰে, ন্যায়ালয়ৰ বিষয়া সমূহক নিযুক্তি দিয়ে আৰু উচ্চতম ন্যায়ালয়ৰ সাধাৰণ আৰু বিশেষ বিষয় আৰু ইয়াৰ কাৰ্য প্ৰণালীৰ নিৰীক্ষণ কৰে।
ভাৰতৰ মুখ্য ন্যায়াধীশ | |
---|---|
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰতীক | |
ভাৰতৰ উচ্চতম ন্যায়ালয় | |
চমুনাম | চিজেআই |
আসন | নতুন দিল্লী |
মনোনয়ন কৰ্তা | ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ কলেজিয়াম |
নিয়োগকৰ্তা | ভাৰতৰ ৰাষ্ট্ৰপতি |
কাৰ্যকাল | ৬৫ বছৰলৈকে[1] |
Constituting instrument | ভাৰতৰ সংবিধান (১২৪ অনুচ্ছেদ মতে) |
গঠন | ১৯৫০; ৭৪ বছৰ আগতে (1950) |
প্ৰথম পদাধিকাৰী | এইছ. জে. কানীয়া (১৯৫০–১৯৫১)[2] |
দৰমহা | ₹২,৮০,০০০ (৩,৯২৫.৬ ডলাৰ) (প্ৰতি মাহ)[3] |
ৱেবচাইট | ভাৰতৰ উচ্চতম ন্যায়ালয় |
ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ এইছ এছ কানীয়া আছিল। ভাৰতৰ বৰ্তমান ৫০তম মুখ্য ন্যায়াধীশ হৈছে ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়।