ভিছা
কোনো ভূখণ্ডত প্ৰৱেশ, তাত থকা বা প্ৰস্থান কৰাৰ কৰ্তৃত্ব / From Wikipedia, the free encyclopedia
ভিছা (ইংৰাজী: Visa) বা প্ৰৱেশ পত্ৰ হৈছে এক চৰ্তসাপেক্ষ অনুমতি পত্ৰ যাক এখন দেশে কোনো বিদেশী নাগৰিকক সেইখন দেশত প্ৰৱেশ আৰু অৱস্থান কৰাৰ বাবে দিয়ে। ভিছা শব্দটো আহিছে লেটিন ভাষাৰ charta visa-ৰ পৰা, যাৰ অৰ্থ হৈছে "যিখন কাগজক চোৱা হৈছে"।[1] ভিছাখনত সাধাৰণতে বিদেশীজনৰ দেশখনত থকাৰ সময়কাল, তেওঁ দেশেখনৰ ভিতৰৰ কোন কোন অঞ্চলত প্ৰৱেশ কৰিব পাৰে, প্ৰৱেশ কৰিব পৰা তাৰিখসমূহ, অনুমোদিত প্ৰৱেশৰ সংখ্যা আৰু তেওঁ দেশখনত কাম কৰাৰ অধিকাৰৰ সীমা আদি তথ্য অন্তৰ্ভুক্ত থাকে। ভিছা কোনো দেশ বা অঞ্চলত প্ৰৱেশেৰ অনুমতি বিচৰা অনুৰোধৰ সৈতেহে সংযুক্ত আৰু সেয়ে ভিছাখন অধিকাংশ দেশতেই বিদেশী প্ৰৱেশৰ আৰু অৱস্থানৰ বাবে প্ৰয়োজনীয় প্ৰকৃত আনুষ্ঠানিক অনুমতি পৰা পৃথক। ভিছাৰ ধাৰকজনে প্ৰত্যেকবাৰে প্ৰকৃত প্ৰৱেশৰ সময়ত অভিবাসন বিষয়াৰ অনুমতি সাপেক্ষেহে প্ৰৱেশ কৰিব পাৰে আৰু ইয়াক যিকোনো সময়তে বাতিল কৰাৰ অধিকাৰ দেশখনৰ থাকে। সাধাৰণতে ভিছাখন আবেদনকাৰীৰ পাৰপত্ৰ বা অন্য ভ্ৰমণ নথিত ষ্টিকাৰৰ আকাৰে লগাই দিয়া হয়।
ঐতিহাসিকভাবে, অভিবাসন বিষয়াসকলক সীমান্তত বিদেশীৰ আগমনৰ সময়ত প্ৰৱেশৰ অনুমতি বা প্ৰত্যাখ্যান কৰাৰ ক্ষমতা দিয়া হৈছিল। প্ৰৱেশৰ অনুমতি দিয়া হ'লে, বিষয়াজনে প্ৰয়োজন অনুসাৰে এখন ভিছা প্ৰদান কৰিছিল, যিটোক পাৰপত্ৰত মোহৰ মাৰি দিয়া হৈছিল। বৰ্তমানে, বিদেশ ভ্ৰমণৰ ইচ্ছুক ব্যক্তিয়ে প্ৰায়েই ভিছাখন আগতিয়াকৈ আবেদন কৰিব লাগে। এনে আবেদন দেশখনৰ দূতাবাসত, ডাকযোগে বা ইণ্টাৰনেটেৰ মাধ্যমেৰে কৰিব পাৰি। আধুনিক ভিছা পাৰপত্ৰত ষ্টিকাৰ বা মোহৰ হ'ব পাৰে বা এখন পৃথক নথি বা অনুমোদনৰ এক বৈদ্যুতিক ৰেকৰ্ডো হ'ব পাৰে। বৈদ্যুতিক ৰেকৰ্ডৰ ক্ষেত্ৰত আবেদনকাৰীয়ে সেইখন নিজে ছপা কৰি ল'ব লাগে আৰু প্ৰৱেশৰ সময়ত অভিবাসন বিষয়াক দেখুওৱাব লাগে। কিছু দেশত চুটি ভ্ৰমণৰ বাবে আগতিয়াকৈ ভিছাৰ আবেদন কৰাৰ প্ৰয়োজন নহয়।
আগমণৰ পূৰ্বেই আগতিয়াকৈ ভিছা আবেদন কৰিলে অনুমোদক দেশখনে আবেদনকাৰীৰ পৰিস্থিতি যেনে আৰ্থিক সুৰক্ষা, ভ্ৰমণৰ কাৰণ আৰু দেশখনলৈ পূৰ্বতে কৰা ভ্ৰমণ বিৱৰণ চালি-জাৰি চোৱাৰ সুযোগ পায়। প্ৰৱেশৰ সময়ত দৰ্শনাৰ্থীজনৰ সুৰক্ষা বা স্বাস্থ্য পৰীক্ষা লোৱা হ'ব পাৰে আৰু ইয়াত উৰ্ত্তীৰ্ণ হ'লেহে প্ৰৱেশৰ অনুমোদন দিয়া হ'ব পাৰে। কিছুমান দেশত ইয়াৰ নাগৰিকৰ লগতে বিদেশী ভ্ৰমণকাৰীসকলেও দেশখন এৰি যোৱাৰ অনুমতি দিয়া এখন "প্ৰস্থান ভিছা" আহৰণ কৰাৰ প্ৰয়োজন।[2]
উল্লেখযোগ্য যে স্ভালবাৰ্ড সন্ধি অনুসৰি নৰৱেৰ বিশেষ প্ৰশাসনিক অঞ্চল স্ভালবাৰ্ড হৈছে এক সম্পূৰ্ণ ভিছা-মুক্ত অঞ্চল। কিছু দেশ যেনে শ্বেঙেন অঞ্চলৰ দেশসমূহৰ নাগৰিকসকলে সেই দেশসমূহত বিনা ভিছাৰে ভ্ৰমণ কৰিব পাৰে। বিশ্ব পৰ্যটন সংস্থাৰ তথ্য অনুসৰি পৰ্যটনৰ বাবে কৰা ভ্ৰমণৰ পূৰ্বে ভিছাৰ আবেদন কৰিব লগা পৰ্যটকৰ সংখ্যা ২০১৫ চনত সৰ্বনিম্ন হৈছেগৈ।[3][4]