ভূমিস্খলন
মাটিৰ গতিবিধিৰ লগত জড়িত প্ৰাকৃতিক বিপদ / From Wikipedia, the free encyclopedia
ভূমিস্খলন, বা যাক ইংৰাজীত landslips বুলিও কোৱা হয়,[1][2][3] মাটিৰ কেইবাধৰণৰ বৃহৎ অপচয়, য'ত মাটিৰ বিস্তৃত পৰিসৰৰ গতিবিধি, যেনে শৈল-পতন, বোকাময় প্ৰবাহ, গভীৰ বা অগভীৰভাৱে থকা ঢাল অংশ নষ্ট হোৱা আৰু ধ্বংসাৱশেষৰ প্ৰবাহ আদি অন্তৰ্ভুক্ত হ'ব পাৰে।[4] ভূমিস্খলন বিভিন্ন পৰিৱেশত হ’ব পাৰে; ইয়াৰ বৈশিষ্ট্য হৈছে ঠেক বা কোমল ঢালেৰে বৈ অহা প্ৰবাহ, ই পৰ্বতমালাৰ পৰা উপকূলীয় শিল, আনকি পানীৰ তলতো হ’ব পাৰে,[5] তেনে ক্ষেত্ৰত ইয়াক চাবমেৰিন ভূমিস্খলন বুলি কোৱা হয়।
মাধ্যাকৰ্ষণ শক্তি হৈছে ভূমিস্খলনৰ প্ৰাথমিক চালিকা শক্তি; কিন্তু ভূমিৰ উপৰিভাগৰ ঢালৰ স্থিতিক প্ৰভাৱিত কৰা আন কিছুমান কাৰক আছে যিয়ে নিৰ্দিষ্ট পৰিস্থিতিৰ সৃষ্টি কৰে আৰু ঢালক ক্ষতিপ্ৰৱণ কৰি তোলে। বহুক্ষেত্ৰত ভূমিস্খলনৰ সূচনা কোনো নিৰ্দিষ্ট পৰিঘটনাৰ ফলত হয়, (যেনে প্ৰচণ্ড বৰষুণ, ভূমিকম্প, পথ নিৰ্মাণৰ বাবে ঢাল কাটি পেলোৱা, আৰু বহুতো), যদিও এইটো সদায় চিনাক্ত কৰিব পৰা নাযায়।
মানৱ উন্নয়ন (যেনে, নগৰীকৰণ আৰু বিস্তাৰ) আৰু সম্পদৰ শোষণ (যেনে, খনন আৰু বনাঞ্চল ধ্বংস)ৰ ফলত ভূমিস্খলনে সঘনাই ক্ষতিকাৰক হৈ পৰে। সঘনাই গছ-গছনি কটাৰ ফলত ভূমিৰ অৱক্ষয়ৰ দ্বাৰা মাটিৰ স্থিৰতা কম হৈ পৰে।[6] তদুপৰি, জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশৰ ওপৰত মানুহৰ অন্যান্য কাৰ্যৰ প্ৰভাৱৰ ফলত হোৱা গোলকীয় উষ্ণতাই প্ৰাকৃতিক পৰিঘটনাৰ (যেনে চৰম বতৰ) কম্পাঙ্ক বৃদ্ধি কৰিব পাৰে, যিয়ে ভূমিস্খলনৰ সূচনা কৰে।[7] ভূমিস্খলন প্ৰশমনত ভূমিস্খলনৰ দ্বাৰা মানুহৰ ওপৰত পৰা প্ৰভাৱৰ আশংকা হ্ৰাস কৰাৰ বাবে নীতি আৰু পদ্ধতিসমূহৰ বৰ্ণনা কৰে, যিয়ে প্ৰাকৃতিক দুৰ্যোগৰ আশংকা হ্ৰাস কৰিব পাৰে।