মাত্তুৰ
ভাৰতৰ এখন গাওঁ / From Wikipedia, the free encyclopedia
মাত্তুৰ (ইংৰাজী: Mattur or Mathur) ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ শিৱাম'গা নগৰৰ ওচৰৰ এখন গাঁও। এই গাঁওখনৰ অধিবাসীসকলে তেওঁলোকৰ দৈনিক কথোপকথনৰ বাবে সংস্কৃত ভাষা ব্যৱহাৰ কৰে। [1][2]
ক্ষিপ্ৰ তথ্য মাত্তুৰ(Mattur)ಮತ್ತೂರು Mathur, Matthur, Mathoor, দেশ ...
মাত্তুৰ(Mattur) ಮತ್ತೂರು Mathur, Matthur, Mathoor |
|
---|---|
— গাঁও — | |
Tunga.jpgমাত্তুৰত থকা টুংগা নদী | |
ভৌগোলিক স্থানাংক: 13°52′26″N 75°33′32″E | |
দেশ | ভাৰত |
ৰাজ্য | কৰ্ণাটক |
জিলা | শিৱমগ্গা জিলা |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০) |
নিকটতম চহৰ | শিৱমগ্গা (Shivamogga) |
বন্ধ কৰক
মাত্তুৰত এটা ৰাম মন্দিৰ, এটা শিৱালয়, সোমেশ্বৰ মন্দিৰ আৰু লক্ষ্মীকেশৱ মন্দিৰ আছে।
মাত্তুৰৰ গাতে লগা থকা হ'ছাহাল্লি গাঁৱৰো বৈশিষ্ট্য মাত্তুৰৰ সৈতে প্ৰায় একেধৰণৰ। হ'ছাহাল্লি গাঁওখন টুংগা নদীৰ আনটো পাৰে অৱস্থিত। এই দুয়োখন গাঁৱকে প্ৰায়ে একেলগে বুজোৱা হয়।[3]
মাত্তুৰ আৰু হ'ছাহাল্লি গাওঁদুখন গামাকা(কাহিনী কোৱা)(ইংৰাজী:Gamaka (storytelling)) শিল্প বৰ্তাই ৰখাৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে খ্যাত। গামাকা কৰ্ণাটকৰ গীত আৰু কাহিনী পৰিবেশনৰ এক অদ্বিতীয় কলা।
এই গাঁও দুখনত স্থানীয় ভাষা হিচাপে দৈনিক কথোপকথনৰ বাবে সংস্কৃত ভাষা ব্যৱহৃত হয়। ইয়াৰ ৯০% তকৈ বেছি অধিবাসীয়ে সংস্কৃত ভাষা জানে।