লংকা
From Wikipedia, the free encyclopedia
লংকা বা লংকাপুৰী বা স্বৰ্ণ লংকা হৈছে ৰামায়ণ আৰু মহাভাৰত মহাকাব্যত উল্লিখিত কিংবদন্তি ৰাক্ষসৰাজ ৰাৱণৰ দুৰ্গসদৃশ নগৰ-দ্বীপ। এই নগৰ ত্ৰিকুট পৰ্বতমালা নামেৰে জনাজাত তিনিটা পৰ্বত শৃংগৰ মাজৰ এটা মালভূমিত অৱস্থিত আছিল। প্ৰাচীন লংকা নগৰখনত হনুমানে অগ্নিসংযোগ কৰিছিল বুলি বিশ্বাস কৰা হয়। ৰাৱণৰ ভায়েক বিভীষণৰ সহায়ত ৰামে ইয়াৰ অধিপতি ৰাৱণক হত্যা কৰাৰ পিছত বিভীষণক লংকাপুৰীৰ ৰাজসিংহাসনত অধিষ্ঠিত কৰা হয়। পূৰ্বৰ লংকাই বৰ্তমানৰ শ্ৰীলংকা বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ বংশধৰসকলে পাণ্ডৱসকলৰ সময়ত ৰাজ্য শাসন কৰিছিল বুলি কোৱা হয়। মহাভাৰতৰ মতে, পাণ্ডৱ সহদেৱে যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞৰ বাবে তেওঁৰ দক্ষিণৰ সামৰিক অভিযানৰ সময়ত এই ৰাজ্য ভ্ৰমণ কৰিছিল।