লচ্চি
From Wikipedia, the free encyclopedia
লচ্চি (ইংৰাজী: Lassi) ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ পৰম্পৰাগত পানীয়। ই ভাৰতৰ জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু পঞ্জাবৰ স্থানীয় পানীয়।[1] সাধাৰণতে দৈৰ সৈতে ক্ৰীম, পানী, সোৱাদ অনুসৰি নিমখ বা চেনি, ফল আৰু মছলা ব্যৱহাৰ কৰি মিশ্ৰণ তৈয়াৰ কৰি বৰফ দি বা নিদিয়াকৈ চেঁচা উষ্ণতাত লচ্চি পৰিবেশন কৰা হয়। ভাৰতত প্ৰচলিত ছাছ হৈছে লচ্চিৰ দৰেই কিন্তু পাতল স্থিৰতাৰ পানীয়।[2] লচ্চি নাম সংস্কৃত ভাষাৰ লসিকা শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে লসিকা-তন্ত্ৰই কঢ়িওৱা এবিধ বৰ্ণহীন পনীয়া দ্ৰব্য।[3]
ক্ষিপ্ৰ তথ্য অন্য নাম, প্ৰকাৰ ...
গিলাছত লচ্চি পৰিবেশন কৰা হৈছে | |
অন্য নাম | লাচ্চি, টাক, ছাহ |
---|---|
প্ৰকাৰ | পানীয় |
উৎপত্তিৰ স্থান | ভাৰতীয় উপমহাদেশ |
পৰিবেশনৰ উষ্ণতা | চেঁচা |
মুখ্য উপাদান | দৈ, ক্ৰীম, পানী আৰু মছলা |
ভিন্ন প্ৰকাৰ | কাঁচি লচ্চি |
বন্ধ কৰক