লতা মংগেশকাৰ
ভাৰতীয় গায়িকা / From Wikipedia, the free encyclopedia
লতা মংগেশকাৰ বা লতাজী (মাৰাঠী: लता मंगेशकर); ২৮ ছেপ্টেম্বৰ ১৯২৯ — ৬ ফেব্ৰুৱাৰী ২০২২) ভাৰতবৰ্ষৰ এগৰাকী নেপথ্য গায়িকা আছিল। সংগীত জীৱনত লতাজীয়ে ছত্ৰিশটাতকৈও অধিক ভাৰতীয় ভাষা আৰু কেইটামান বিদেশী ভাষাৰ গীতত কণ্ঠদান কৰিছিল; [7] লগতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছিল।[8][9]
ভাৰত ৰত্ন লতা মংগেশকাৰ | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০১১ চনত মংগেশকাৰ | |||||||||||||
জন্ম | হেমা মংগেশকাৰ ২৮ ছেপ্টেম্বৰ, ১৯২৯ ইন্দোৰ, ব্ৰিটিছ সাম্ৰাজ্য (বৰ্তমানৰ মধ্যপ্ৰদেশ, ভাৰত) | ||||||||||||
মৃত্যু | ৬ ফেব্ৰুৱাৰী, ২০২২ (৯২ বছৰ)[1] মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত | ||||||||||||
অন্য নাম | সুৰ সম্ৰাজ্ঞী ভাৰতৰ নাইটিংগেল | ||||||||||||
পেচা |
| ||||||||||||
সক্ৰিয় হৈ থকা সময় | ১৯৩৫–২০২২ | ||||||||||||
আত্মীয়-স্বজন | হৃদয়নাথ মংগেশকাৰ মীনা খাদিকাৰ ঊষা মংগেশকাৰ আশা ভোঁচলে | ||||||||||||
বঁটা, সন্মান, পুৰস্কাৰ আদি |
| ||||||||||||
| |||||||||||||
| |||||||||||||
স্বাক্ষৰ | |||||||||||||
ভগ্নী আশা ভোঁচলেৰ লগত চলচ্চিত্ৰ গায়িকা হিচাপে লতাই সক্ৰিয়ভাৱে কাম কৰিছিল। ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে লতা মংগেশকাৰৰ কণ্ঠৰ শ্ৰোতা বিয়পি আছে। টাইম পত্ৰিকাই তেওঁক 'ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য্য আৰু একচ্ছত্ৰী সম্ৰাজ্ঞী' আখ্যা দিছিল। তেওঁক ভাৰতৰ নাইটিংগেল বুলিও জনা যায়।[7]
লতাজীয়ে তেওঁৰ কৰ্মজীৱনত কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৮৯ চনত ভাৰত চৰকাৰে তেওঁক দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰে।[10] ২০০১ চনত, ৰাষ্ট্ৰলৈ তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল আৰু এই সন্মান লাভ কৰা এম এছ চুব্বালক্ষ্মীৰ পিছত তেওঁ দ্বিতীয়গৰাকী মহিলা কণ্ঠশিল্পী আছিল।[11] ফ্ৰান্সে ২০০৭ চনত তেওঁক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক বঁটা নেচনেল অৰ্ডাৰ অফ দ্য লিজিয়ন অফ অনাৰৰ বিষয়া প্ৰদান কৰিছিল।[12]
তেওঁ তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৫টাকৈ বেংগল ফিল্ম জাৰ্নালিষ্ট এছ’চিয়েচন এৱাৰ্ড, চাৰিটাকৈ ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা প্লেবেক বঁটা, দুটাকৈ ফিল্মফেয়াৰ বিশেষ বঁটা, ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটাৰ লগতে আৰু বহুতো বঁটা লাভ কৰিছিল। ১৯৭৪ চনত তেওঁ লণ্ডনৰ ৰয়েল এলবাৰ্ট হলত সংগীত প্ৰদৰ্শন কৰা প্ৰথম ভাৰতীয় নেপথ্য গায়িকাসকলৰ ভিতৰত এগৰাকী আছিল।