সংকোষকেন্দ্ৰীয় জীৱ
From Wikipedia, the free encyclopedia
সংকোষকেন্দ্ৰীয় বা ইউকেৰিয়ট (ইংৰাজী: eukaryote; (/juːˈkæri.oʊt/ বা /juːˈkæriət/ বা yoo-karr-ee-oht বা yoo-karr-ee-ət) বুলিলে সেইবোৰ জীৱক বুজায়, যিবোৰৰ কোষৰ কোষকেন্দ্ৰত কোষ কেন্দ্ৰ আৱৰণ আৰু প্ৰায়ভাগ কোষৰ অংগত কোষাংগবৰণ দ্বাৰা আবৃত থাকে। ইয়াৰ উপৰি এনেধৰণৰ কোষৰ ডি.এন.এত হিষ্ট'ন প্ৰ'টিন নামৰ প্ৰ'টিন বিধ পোৱা যায়।
সংকোষকেন্দ্ৰীয় | |
---|---|
বিভিন্ন বৈচিত্ৰ্যৰ সংকোষকেন্দ্ৰীয় জীৱ | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | ইউকেৰিয়টা (এডৱাৰ্ড ছেটন, ১৯২৫) ৰবাৰ্ট হুইটাকাৰ আৰু লিন মাৰ্বোৰছ, ১৯৭৮ |
মহাদল[1] আৰু জগৎ | |
যিবোৰ জীৱক উদ্ভিদ, প্ৰাণী বা শেলাই জগৰতৰ ভিতৰত শ্ৰেণীভুক্ত কৰা নহয়, সেইবোৰক অনেক সময়ত প্ৰ’টিষ্টা জগতত অন্তৰ্ভুক্ত কৰা হয়। | |
এই জীৱবোৰ ইউকেৰিয়া বা ইউকেৰিয়টা শ্ৰেণীবিন্যাসৰ অন্তৰ্গত। এই জীৱৰ মূল বৈশিষ্ট্য হল এই যে, ইহঁতৰ কোষ পৰ্দা-বেষ্টিত কোষকেন্দ্ৰ সহ অন্যান্য অঙ্গাণু থাকে, যিয়ে ইহঁতক প্ৰ'কোষকেন্দ্ৰীয় জীৱ পৰা পৃথক কৰে।[2][3][4] এই কোষত কোষকেন্দ্ৰৰ উপস্থিতিৰ কাৰণে এই জীৱবোৰৰ নামকৰণ ইউকেৰিয়ট দিয়া হৈছে, যি গ্ৰীক শব্দ ευ (ইউ) আৰু κάρυον (কেৰিউন) পৰা আহিছে।[5] কোষকেন্দ্ৰৰ উপৰিও এনে জীৱৰ কোষত থকা অন্য আৱৰণযুক্ত অঙ্গাণুবোৰ হল, মাইট’কণ্ড্ৰিয়া আৰু গল্গি বস্তু। ইয়াৰোপৰি উদ্ভিদত ক্লোৰ'প্লাষ্ট নামৰ এক ধৰণৰ অঙ্গাণু থাকে। সংকোষকেন্দ্ৰীয় জীৱ এককোষী বা বহুকোষী হব পাৰে। বহুকোষী জীৱৰ বিভিন্ন ধৰণৰ কোষৰ দ্বাৰা গঠিত অনেক ধৰণৰ কলা থাকে।
সংকোষকেন্দ্ৰীয় জীৱই মাইট'চিছৰ মাধ্যমেৰে অযৌন প্ৰজনন আৰু মিঅ'চিছৰ মাধ্যমেৰে যৌন প্ৰজনন কৰে। অযৌন প্ৰজননৰ ক্ষেত্ৰত ই কোষ বিভাজন হৈ জিনগতভাৱে অভিন্ন দুটা কোষ উৎপন্ন হয়। যৌন প্ৰজননৰ ক্ষেত্ৰত এটা কোষে ডিএনএ ৰেপ্লিকেছন আৰু তাৰ পিছত দুবাৰ কোষ বিভাজনৰ ফলত চাৰিটা নতুন কোষৰ উৎপন্ন কৰে, যাৰ প্ৰত্যেকৰে মূল কোষৰ ক্ৰম'জমৰ অৰ্ধেক সংখ্যক ক্ৰ'মজম থাকে। এই অপত্য কোষবোৰে জননকোষ হিচাপে কাম কৰে।
সমগ্ৰ জীৱজগতৰ তুলনাত সংকোষকেন্দ্ৰীয় জীৱৰ সংখ্যা তেনেই নগণ্য,[6] আনকি মানবদেহৰ সমস্ত কোষৰ সংখ্যা মানুহৰ অন্ত্ৰত বাসকৰা বেক্টেৰিয়াৰ সংখ্যাতকৈও কম।[7] কিন্তু সংকোষকেন্দ্ৰীয় জীৱৰ অধিকাংশ সদস্যৰ আকৃতি ডাঙৰ হোৱাৰ কাৰণে সমগ্ৰ বিশ্বজুৰি সিহঁতৰ সমষ্টিগত জৈৱভৰ প্ৰ'কোষকেন্দ্ৰী জীৱৰ প্ৰায় সমান বুলিব পাৰি।[8]