সকলো দেশৰ শ্ৰমিক এক হওক!
From Wikipedia, the free encyclopedia
ৰাজনৈতিক শ্ল'গান সকলো দেশৰ শ্ৰমিক এক হওক! আটাইতকৈ জনপ্ৰিয় ৰাজনৈতিক শ্ল'গানসমূহৰ অন্যতম যাক কাৰ্ল মাৰ্ক্স আৰু ফ্ৰিডৰিখ এঙ্গেল্সৰ ১৮৪৮ চনৰ কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰৰ পৰা গ্ৰহণ কৰা হৈছে। জাৰ্মান ভাষাৰ মূল "Proletarier aller Länder vereinigt Euch!"ৰ অৰ্থ "সকলো দেশৰ সৰ্বহাৰা এক হওক!"[1] পিচে ই শীঘ্ৰে ইংৰাজীত "ৱৰ্কাৰ্ছ অৱ দ্য ৱৰ্ল্ড, য়ুনাইট! য়ু হেভ নাথিং টু লুজ বাট য়'ৰ চেইন্স" অৰ্থাৎ "বিশ্বৰ শ্ৰমিকসকল এক হওক! আপোনাৰ হেৰুৱাবলৈ একো নাই, নিজৰ শিকলিৰ বাহিৰে!" হিচাপে বিখ্যাত হ'ল। আন এক পৰিৱৰ্তিত ৰূপ "ৱৰ্কাৰ্ছ অৱ অল লেণ্ডছ, য়ুনাইট" অৰ্থাৎ "সকলো দেশৰ শ্ৰমিক এক হওক!"ও জনপ্ৰিয়।