সিন্ধু সভ্যতা
দক্ষিণ এছিয়াৰ প্ৰাচীন সভ্যতা / From Wikipedia, the free encyclopedia
সিন্ধু সভ্যতা (ইংৰাজী: Indus Valley Civilization) হৈছে ব্ৰঞ্জ যুগত (৩৩০০–১৩০০ খ্ৰীষ্টপূৰ্ব; পূৰ্ণতা প্ৰাপ্তি ২৬০০–১৯০০ খ্ৰীষ্টপূৰ্ব, প্ৰাক-হৰপ্পা সংস্কৃতিৰ আৰম্ভণি ৭৫০০ খ্ৰীষ্টপূৰ্ব[3][4]) ভাৰত উপমহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্ত, বৰ্তমানৰ পাকিস্তান[5]) আৰু আফগানিস্তানৰ উত্তৰ-পূবৰ কিছু অংশ সামৰি বিৰাজিত এক সভ্যতা।[6][1] প্ৰাচীন ইজিপ্ট আৰু মেচ'পটেমিয়াকে ধৰি সিন্ধু সভ্যতা বিশ্বৰ তিনিটা প্ৰাচীনতম সভ্যতাৰ অন্যতম আৰু ১২,৫০,০০০ কিঃমিঃ জুৰি প্ৰসাৰিত এই সভ্যতা আটাইকেইটাৰ ভিতৰতে অধিক বিস্তাৰিত।[7][8] এই প্ৰাচীন সভ্যতা এচিয়াৰ এক অন্যতম প্ৰধান নদ সিন্ধু আৰু বৰ্তমান শুকাই যোৱা সৰস্বতী নদীৰ পাৰত গঢ় লৈ উঠিছিল।[9][10] সৰস্বতী নদী আৰু ইয়াৰ উপনৈসমূহ পূৰ্বতে পূব পাকিস্তান আৰু ভাৰতৰ উত্তৰ-পশ্চিম কোণেদি ঘাগৰ-হাকৰা নদীৰ সৈতে প্ৰৱাহিত হৈছিল।[6][11][12][13] সিন্ধু আৰু সৰস্বতী দুয়োখন নদীৰ পাৰতে সিন্ধু সভ্যতা বিস্তাৰিত হোৱাৰ বাবে ইয়াক সিন্ধু-সৰস্বতী সভ্যতা (ইং: Indus-Sarasvati Civilisation) বুলিও অভিহিত কৰা হয়।[14]
ভৌগোলিক বিস্তৃতি | এচিয়া |
---|---|
সময়সীমা | ব্ৰঞ্জ যুগ |
তাৰিখ | ৩৩০০ খ্ৰীষ্টপূৰ্ব –১৭০০ খ্ৰীষ্টপূৰ্ব[1][2] |
পৰৱৰ্ত্তী সভ্যতা | বৈদিক যুগ |
চৰম শিখৰ প্ৰাপ্তিৰ সময়ত সিন্ধু সভ্যতাৰ মুঠ জনসংখ্যা সম্ভৱতঃ ৫০ লাখতকৈয়ো বেছি আছিল।[15] সিন্ধু সভ্যতাৰ নিবাসীসকলে হস্তশিল্প আৰু ধাতুবিদ্যাৰ (তাম, ব্ৰঞ্জ, সীহ আৰু টিন) নতুন পদ্ধতিৰ বিকাশ ঘটাইছিল। ইয়াৰোপৰি সিন্ধু নগৰসমূহ গ্ৰাম পৰিকল্পনা, পোৰা ইটাৰে সজা ঘৰ, বিস্তাৰিত নলা, পানী যোগান ব্যৱস্থা আৰু বৃহৎ অট্টালিকাসমূহৰ বাবে জনাজাত।[16]
১৯২০ৰ দশকত চলোৱা খননকাৰ্যত প্ৰথমে হৰপ্পা উদ্ধাৰ হোৱাৰ পিছৰে পৰা এই সভ্যতাক হৰপ্পা সভ্যতা বুলিও অভিহিত কৰা হয়। ব্ৰিটিছ শাসনকালত হৰপ্পা পঞ্জাবত অন্তৰ্ভুক্ত আছিল। বৰ্তমান ই পাকিস্তানৰ অন্তৰ্ভুক্ত।[17] ১৮৬১ চনতে আৰম্ভ হোৱা কাৰ্যসমূহে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ আৱিষ্কাৰৰ পিছত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰতিষ্ঠাৰ লগতে পূৰ্ণতা লাভ কৰে।[18] হৰপ্পাৰ থলীসমূহৰ খননকাৰ্য ১৯২০ চনৰ পৰাই চলি আছে। ১৯৯৯ চনত হৰপ্পাত কিছু প্ৰাচীন লিখনি উদ্ধাৰ কৰা হয়।[19] হৰপ্পা সভ্যতাৰ একেডোখৰ ঠাইতে সময়ৰ ভিত্তিত হৰপ্পা সংস্কৃতিৰ তিনিটা ভাগ চিহ্নিত কৰা হয় আৰু ইয়াক ক্ৰমে প্ৰাৰম্ভিক, শেষ আৰু প্ৰাক-হৰপ্পা সংস্কৃতি হিচাপে জনা যায়। হাৰিয়ানাৰ ভিৰানা সম্ভৱতঃ আটাইতকৈ পুৰণি প্ৰাক-হৰপ্পা থলী (৭৫৭০-৬২০০ খ্ৰীষ্টপূৰ্ব)।[3][20]
১৯৯৯ চনলৈকে সিন্ধু আৰু সৰস্বতী তথা ইহঁতৰ উপনৈসমূহৰ পাৰত ১,০৫৬খন নগৰ আৰু প্ৰতিষ্ঠাপন আৱিষ্কৃত হোৱাৰ লগতে ইয়াৰে ৯৬ খনৰ খনন কৰা হৈছে।[21][22] এইসমূহৰ ভিতৰত প্ৰধান নগৰ কেন্দ্ৰ হৰপ্পা, মহেঞ্জোদাৰো, ঢোলাভিৰা, ক’লিস্তানৰ গনেৰিৱালা আৰু হাৰিয়ানাৰ ৰাখীগাঢ়ি সৰ্ববৃহৎ সিন্ধু সভ্যতা থলী আৰু ইয়াৰ মাটিকালি ৩৫০ হেক্টৰ।[23][3][24][25][26]
সিন্ধু লিপিসমূহৰ এতিয়ালৈকে পাঠোদ্ধাৰ হোৱা নাই বাবে হৰপ্পাৰ ভাষাৰ মূল সম্পৰ্কে কোনো নিশ্চিতি নাই। কোনো কোনো গৱেষকে দ্ৰাবিড় ভাষা বা ইলেম’-দ্ৰাবিড় ভাষাৰ পৰিয়ালৰ সৈতে ইয়াৰ সম্পৰ্ক থকা বুলি মত পোষণ কৰাৰ বিপৰীতে[27][পৃষ্ঠা নং প্ৰয়োজন][28] কিছুসংখ্যকে মুণ্ডা ভাষাৰ সৈতে সম্পৰ্কিত এক অ’ষ্ট্ৰ’এচিয়াতিক ভাষাৰ বিষয়ে কয়।[29]