সেউজ গৃহ প্ৰভাৱ
বায়ুমণ্ডলীয় পৰিঘটনা / From Wikipedia, the free encyclopedia
সেউজ গৃহ প্ৰভাৱ (ইংৰাজী: Green house effect) বিভিন্ন উৎসৰ পৰা ওলোৱা ধূলি, ধোৱা বাষ্প আদিয়ে বায়ুমণ্ডলক আচ্ছাদিত কৰি কুঁৱলীৰ সৃষ্টি কৰে। এই কুঁৱলীৰ ফলত বায়ুমণ্ডলৰ অস্পষ্টতা বাঢ়ে। বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি গ’লে সূৰ্যৰ পৰা বিকিৰিত ৰশ্মি কুঁৱলী আৰু কাৰ্বন-ডাই-অক্সাইডৰ তৰপ ভেদ কৰি ওলাই যাব নোৱাৰে। ফলত পৰিবেশৰ উষ্ণতা বাঢ়ে। ইয়াক সেউজ গৃহ প্ৰভাৱ বুুলি কয়। মুখ্য সেউজ গৃহ গেছবোৰ হ’ল কাৰ্বন-ডাই-অক্সাইড, অ'জন, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰ’ফ্লৰ’কাৰ্বন (CFCs) আৰু জলীয় বাষ্প।[1]
বায়ুমণ্ডলত এই গেছবোৰৰ শতকৰা পৰিমাণ হ’ল –
- কাৰ্বন-ডাই-অক্সাইড – ৫০%
- মিথেন – ১০%
- চি.এফ.চি – ১৭%
- অ’জন – ৮%
- নাইট্ৰাছ অক্সাইড – ৪%
- জলীয় বাষ্প – ২%[1]