স্বাভাৱিক পক্ষপাতিতা
ভাবুকিৰ সতৰ্কবাণীক আওকান কৰা বা অবিশ্বাস কৰা / From Wikipedia, the free encyclopedia
স্বাভাৱিক পক্ষপাতিতা (en-Normalcy bias), বা স্বাভাৱিকত্ব পক্ষপাত, হৈছে একধৰণৰ বোধগত পক্ষপাতিতা যাৰ দ্বাৰা প্ৰভাৱিত হৈ মানুহে আসন্ন বিপদৰ সতৰ্কবাণী আওকান কৰে বা অবিশ্বাস কৰে। [1] অতএব, ব্যক্তিবিশেষে যিকোনো প্ৰলয়ৰ বা দুৰ্ঘটনাৰ সম্ভাৱিতাৰ অৱমূল্যায়ণ কৰে, যদিওবা তাৰদ্বাৰা তেওঁলোক প্ৰভাৱিত হ'ব, অথবা সেইটো দুৰ্ঘটনাৰ এক বিৰূপ প্ৰভাৱ তেওঁলোকৰ ওপৰত পৰিব।[2] স্বাভাৱিক পক্ষপাতিতাত প্ৰভাৱিত হোৱা মানুহে প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, অথবা মানৱসৃষ্ট ত্ৰুটিয়ে সৃষ্টি কৰা প্ৰলয়ৰ লগত মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় প্ৰস্তুতি নচলায়। উল্লেখযোগ্য যে, মোটামুটি ৭০% মানুহেই দুৰ্যোগৰ সময়ত স্বাভাৱিক পক্ষপাতিতাৰ স্বীকাৰ হয়। [3]
স্বাভাৱিক পক্ষপাতিতাক বিশ্লেষণ পক্ষাঘাত (analysis paralysis), উট চৰাই প্ৰভাৱ (the ostrich effect),[4] আৰু প্ৰথম প্ৰতিক্ৰিয়াকাৰীৰ ঋণাত্মক উদ্বেগ (the negative panic) বুলিও জনা যায়। [5] স্বাভাৱিক পক্ষপাতিতাৰ বিপৰীতটো হৈছে অতিপ্ৰতিক্ৰিয়া বা overreaction, নতুবা সৰ্বাধিক বেয়া পৰিস্থিতিৰ পক্ষপাত, worst-case scenario bias[6][7] য'ত স্বাভাৱিক অৱস্থাৰ লগত ঘটা সামান্য বিচ্যুতিকেই আসন্ন বিপৰ্যয় বুলি গণ্য কৰা হয়।