১৯৮০ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৩ আৰু ৬ জানুৱাৰী তাৰিখে্ মুঠ ৫৪২টা লোকসভা সমষ্টিৰ ভিতৰত ৫২৯টাত অনুষ্ঠিত হৈছিল। মেঘালয়ৰ শ্বিলং আৰু অসমৰ ডিব্ৰুগড়, যোৰহাট, কলিয়াবৰ, স্বায়ত্বশাসিত জিলা, নগাওঁ, লখিমপুৰ, তেজপুৰ, মঙলদৈ, গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী- এই ১৩টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল।[1] অবৈধ অনুপ্ৰবেশকাৰীক বহিস্কাৰ কৰাৰ দাবীত চলা আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ বাদে অন্য ১২টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল।[2]
ক্ষিপ্ৰ তথ্য ভোটদানৰ হাৰ, দল ...
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৮০
|
|
|
ভোটদানৰ হাৰ |
৫৬.৯২% |
|
|
|
|
দল |
কংগ্ৰেছ |
জনতা পাৰ্টি (চেকুলাৰ) |
জনতা পাৰ্টি |
মিত্ৰদল |
কংগ্ৰেছ+ |
শতাংশ |
৪২.৬৯% | ৯.৩৯% | ১৮.৯৭% |
|
|
|
বন্ধ কৰক
ক্ষমতাকেন্দ্ৰিক অন্তৰ্দলীয় খোৱা-কামোৰাৰ বাবে মোৰাৰজী দেশাইৰ নেতৃত্বাধীন দেশৰ প্ৰথম অনা-কংগ্ৰেছী চৰকাৰখনে কাৰ্যকাল সম্পূৰ্ণ কৰিব পৰা নাছিল। দেশাইৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমৰ্থনত মাত্ৰ ২৩ দিনৰ বাবে চৰণ সিঙে চৰকাৰ গঠন কৰিছিল। কিন্তু কংগ্ৰেছে সমৰ্থন উঠাই লোৱাত নিৰ্দিষ্ট সময়ৰ পূৰ্বেই ৬ষ্ঠ লোকসভা ভংগ কৰি দিয়া হৈছিল আৰু ৭ম লোকসভা গঠনৰ বাবে সাধাৰণ নিৰ্বাচনৰ ঘোষণা কৰা হৈছিল।[3]
৬টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ, ১৯টা ৰাজ্যিক পৰ্যায়ৰ আৰু ১১টা পঞ্জীভূক্ত ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল। কংগ্ৰেছে ৩৫৩খন আসনত বৃহৎ বিজয় সাব্যস্ত কৰি ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰিত্বত চৰকাৰ গঠন কৰিছিল। ৪১খন আসনেৰে ২য় স্থানত আছিল চৰণ সিঙৰ নবগঠিত জনতা পাৰ্টি (চেকুলাৰ) দল।[1] উল্লেখনীয় যে নিৰ্বাচনৰ পূৰ্বে ১৯৭৯ত ভাৰতীয় জাতীয় কংগ্ৰেছ, আই (ইন্দিৰা) আৰু ইউ (দেৱৰাজ উৰ্চ্) নামেৰে দুই ভাগত বিভাজিত হৈ গৈছিল। ৭ম লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত নিৰ্বাচন আয়োগে ইন্দিৰা গান্ধী নেতৃত্বাধীন ঠালটোক প্ৰকৃত কংগ্ৰেছ বুলি স্বীকৃতি দিছিল।[3]