ৰাৱণ
ৰামায়ণৰ চৰিত্ৰ / From Wikipedia, the free encyclopedia
ৰাৱণ (ইংৰাজী: Ravana) হৈছে তুলসীদাস ৰচিত ৰামচৰিত মানস, মহাকবি বাল্মিকীৰ ৰামায়ণ, ৰামায়ণৰ সমস্ত সংস্কৰণ, বিষ্ণু পুৰাণ, হিন্দু মহাকাব্যসমূহত বৰ্ণনা কৰা লংকা (বৰ্তমানৰ শ্ৰীলংকা)-ৰ ৰজা। তেওঁৰ দহটা মূৰ থকাৰ কাৰণে তেওঁক দহ মুখীয়া ৰাৱণ বা দশানন (দশ=দহ, আনন=মুখ; দশানন বি. (সং.) “দশমুখ”) বুলিও জনা যায়।[1][2]
ক্ষিপ্ৰ তথ্য ৰাৱণ, পূৰ্বসূৰী ...
ৰাৱণ | |
---|---|
খ্ৰীষ্টিয় অষ্টাদশ শতিকাৰ ৰাৱণৰ মূৰ্তি | |
পূৰ্বসূৰী | কুবেৰ |
উত্তৰসূৰী | বিভীষণ |
দাম্পত্য সঙ্গী | |
সন্তান | |
মাতৃ | কৈকেষী |
পিতৃ | ঋষি বিশ্ৰবা |
বন্ধ কৰক
ৰামায়ণত, ৰাৱণক ঋষি বিশ্ৰবা আৰু কৈকেষীৰ জ্যেষ্ঠ পুত্ৰ বুলি বৰ্ণনা কৰিছে। তেওঁ ৰামৰ পত্নী সীতাক লংকালৈ অপহৰণ কৰি আনি অশোক বাটিকাত বন্দী কৰি ৰাখিছিল,[3] আৰু ৰাৱণে তেওঁক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। পিছত ৰামে বানৰ ৰজা সুগ্ৰীৱ আৰু তেওঁৰ বানৰসৈন্যৰ সৈতে ৰাৱণৰ লংকা আক্ৰমণ কৰে। ৰামে ৰাৱণক হত্যা কৰি প্ৰিয় পত্নী সীতাক উদ্ধাৰ কৰিছিল।[4][5]