শক্তি
From Wikipedia, the free encyclopedia
পদাৰ্থবিজ্ঞানত শক্তি (ইংৰাজী: Energy) হৈছে এনে এক বৈশিষ্ট্য (property) যাক লাভ কৰাৰ যোগেদি কোনো এক পদাৰ্থই কাম কৰিব পাৰে অথবা কোনো অন্য এক অৱস্থালৈ ৰূপান্তৰিত হ'ব পাৰে, কিন্তু ই কেতিয়াও সৃষ্টি অথবা বিনাশ হ'ব নোৱাৰে। শক্তিৰ এছ আই একক (SI unit) হৈছে জুল। এক জুল মানে হৈছে কোনো এক পদাৰ্থক এক নিউটন বল প্ৰয়োগ কৰি এক মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজনীয় শক্তি। সৰ্বসাধাৰণ কিছু শক্তিৰ উদাহৰণৰ ভিতৰত গতি কৰা অৱস্থাত গতিশক্তি, ৰৈ থকা অৱস্থাত স্থিতি শক্তি, কোনো পদাৰ্থ টানি দীঘল কৰা অৱস্থাত লাভ কৰা ইলাষ্টিক শক্তি, কোনো পদাৰ্থ জ্বলন্ত অৱস্থাত ৰাসায়নিক শক্তি, পোহৰে কঢ়িয়াই নিয়া নিৰ্গমন শক্তি (radiant energy)আৰু কোনো পদাৰ্থৰ উষ্ণতাৰ দ্বাৰা তাপীয় শক্তি অন্যতম।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ভৰ আৰু শক্তি দুয়োৰে এক ওচৰ সম্বন্ধ আছে। ভৰ-শক্তি সমতুল্যতাৰ বাবে, কোনো এক স্থিতিৱস্থাত থকা প্ৰসংগ প্ৰণালীৰ (frame of reference) এটা পদাৰ্থৰ বিশ্ৰাম ভৰ (rest mass) থকাৰ দৰে সম পৰিমাণৰ বিশ্ৰাম শক্তি (rest energy)-ও লাভ কৰে (সেই একে প্ৰসংগ প্ৰণালী)। আৰু বিশ্ৰাম শক্তিৰ বাদে আন কোনো শক্তিৰ সংযোগে পদাৰ্থটোৰ ভৰো বঢ়াই তোলে। উদাহৰণস্বৰূপে, এক সংবেদনশীল স্কেল প্ৰয়োগৰ দ্বাৰা আমি বস্তু এটা তাপ দিয়াৰ পাছত ভৰৰ বৃদ্ধিৰ জোখ লাভ কৰিব পাৰো। জীয়াই থাকিবলৈ আমাক শক্তিৰ দৰকাৰ, মানুহে সেই শক্তি লাভ কৰে খাদ্যগ্ৰহণৰ দ্বাৰা। পৃথিৱীৰ জলবায়ু আৰু পৰিৱেশ তন্ত্ৰ সূৰ্যৰ পৰা লাভ কৰা নিৰ্গমণ শক্তি আৰু ভূতাপীয় শক্তিৰ দ্বাৰা পৰিচালিত হয়।