ৰাভা জনগোষ্ঠী
From Wikipedia, the free encyclopedia
ৰাভা জনগোষ্ঠী অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম খিলঞ্জীয়া জনগোষ্ঠী। এওঁলোক চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ মান-তিব্বতীয় শাখাৰ এটা জনগোষ্ঠী।।[1] অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত মূলতঃ এওঁলোকৰ বসতি। আনহাতে পশ্চিমবংগৰ জলপাইগুৰি অঞ্চলটো এখেতসকলে কিছু পৰিমাণে বাস কৰে। ৰাভাসকল অসমৰ পঞ্চম বৃহত্তম তপশিলি ভুক্ত উপজাতি। এই ৰাজ্যত দুই লাখ সাতসত্তৰ হাজাৰ ৰাভালোকে বসবাস কৰে। ৰাভা সকলক মূলতঃ ৯ টা ভাগত বিভক্ত কৰা হয় । ১। কচা ২। ৰংদাঙি ৩। পাতি ৪। দাহোৰি ৫। মায়তুৰি ৬। ততলা ৭। বিতলিয়া ৮। চুঙা ৯। হানা আনহাতে,কিছু কিছু ঠাইত হালোৱা আৰু মদাহী নামেৰেও দুটা ভাগ দেখা পোৱা যায়।
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
ক্ষিপ্ৰ তথ্য উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ, ভাষাসমূহ ...
বন্ধ কৰক
[2] ৰাভা সম্প্ৰদায়ত লোকসকল বৃহত্তৰ ইন্দো-মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত।