উপেন্দ্ৰনাথ গোস্বামী
অসমীয়া লেখক, গৱেষক / From Wikipedia, the free encyclopedia
উপেন্দ্ৰনাথ গোস্বামী (ইংৰাজী: Upendra Nath Goswami, ১৯২৩-২০০০) একাধাৰে ভাষাবিদ, গৱেষক, অধ্যাপক, অনুবাদক আৰু অভিধানপ্ৰণেতা। তেওঁ কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদত নিযুক্ত হৈছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল- A Study of Kamrupi : A Dialect of Assamese.[1]