গুপ্ত সাম্ৰাজ্য
প্ৰাচীন ভাৰতীয় সাম্ৰাজ্য / From Wikipedia, the free encyclopedia
গুপ্ত সাম্ৰাজ্য (সংস্কৃত: गुप्तसाम्राज्य , Gupta Sāmrājya) হৈছে প্ৰাচীন ভাৰতত মহাৰাজ শ্ৰী গুপ্তই প্ৰতিষ্ঠা কৰা এক সাম্ৰাজ্য। এই সাম্ৰাজ্য ভাৰত উপমহাদেশৰ প্ৰায়ভাগ অঞ্চললৈকে বিস্তৃত আছিল। গুপ্ত সাম্ৰাজ্যৰ কাল হৈছে ৩২০-ৰ পৰা ৫৫০ চন।[1] গুপ্তসকলৰ শাসনকালত বিৰাজমান শান্তি তথা সমৃদ্ধিৰ বাবে বৈজ্ঞানিক আৰু কলাত্মক চিন্তা-চৰ্চাসমূহৰ উদ্গতি ঘটিছিল।[2] সেয়ে এই কালছোৱা ভাৰতৰ সোণালী যুগ বুলি অভিহিত কৰা হয়।[3] এই সময়ছোৱাতে ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, আভিযান্ত্ৰিক, কলা, ভাষা, সাহিত্য, তৰ্কবিজ্ঞান, গণিত, জ্যোতিৰ্বিদ্যা, ধৰ্ম আৰু দৰ্শনৰ ক্ষেত্ৰত নতুন মাইলৰ খুঁটিত উপনীত হৈছিল আৰু এই উপাদনবোৰেই সমূহীয়াকৈ হিন্দু সংস্কৃতিৰ ৰূপ লৈছিল।[4] প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত আৰু দ্বিতীয় চন্দ্ৰগুপ্ত আছিল গুপ্ত ৰাজবংশৰ সবাতোকৈ উল্লেখনীয় শাসনকৰ্ত্তা।[5] খ্ৰীষ্টিয় ৪ৰ্থ শতিকাৰ সংস্কৃত কবি কালিদাসে গুপ্তসকলে ভাৰতবৰ্ষৰ ভিতৰে বাহিৰে ২১খন ৰাজ্য জয় কৰাৰ কথা বৰ্ণনা কৰিছে। ইয়াৰ ভিতৰত আছে পৰসিক, হুন, কম্বোজ, পূব আৰু পশ্চিম অক্সাচ নদী উপত্যকাৰ জনজাতি, কিন্নৰ, কিৰাট ইত্যাদি।[6]
গুপ্ত সাম্ৰাজ্য Gupta Empire | ||||
| ||||
গুপ্ত সাম্ৰাজ্যৰ মানচিত্ৰ | ||||
ৰাজধানী | পাটলিপুত্ৰ | |||
ভাষা(সমূহ) | সংস্কৃত (সাহিত্য আৰু শৈক্ষিক); প্ৰাকৃত (কথিত) | |||
ধৰ্ম | হিন্দু বৌদ্ধ জৈন | |||
চৰকাৰ | একনায়কত্ববাদ | |||
মহাৰাজধিৰাজ | ||||
- ২৪০–২৮০ চন | মহাৰাজ শ্ৰীগুপ্ত | |||
- ৩১৯–৩৩৫ চন | চন্দ্ৰগুপ্ত | |||
- ৫৪০–৫৫০ চন | বিষ্ণুগুপ্ত | |||
কাল | প্ৰাচীন ভাৰত | |||
- স্থাপিত | ৩২০ চন | |||
- পতন | ৫৫০ চন | |||
Area | 35,00,000 km2 (13,51,358 sq mi) | |||
বৰ্তমানৰ অৱস্থিতি | ভাৰত পাকিস্তান বাংলাদেশ নেপাল | |||
Warning: Value specified for "continent" does not comply |
নান্দনিক স্থাপত্য, ভাস্কৰ্য আৰু চিত্ৰসমূহ গুপ্ত যুগৰ সৃষ্টিশীলতাৰ চৰম নিদৰ্শন বুলিব পাৰি।[7] গুপ্ত যুগতে মহাকবি কালিদাস, আৰ্যভট্ট, বৰাহমিহিৰ, বিষ্ণু শৰ্মা আৰু বাৎসায়ন আদি বিভিন্ন ক্ষেত্ৰৰ পণ্ডিত মণিষীৰ জন্ম হৈছিল।[8][9] এই কালছোৱাত বিজ্ঞান আৰু ৰাজনৈতিক প্ৰশাসনে নতুন শিখৰ লাভ কৰিছিল।[10] শক্তিশালী বাণিজ্যিক সম্পৰ্কই অঞ্চলটোক এক সাংস্কৃতিক কেন্দ্ৰৰ ৰূপ দিছিল আৰু কাষৰীয়া বাৰ্মা, শ্ৰীলংকা আৰু দক্ষিণ-পূব এচিয়াক প্ৰভাৱিত কৰিব পৰাকৈ গঢ়ি তুলিছিল।[11] প্ৰাচীনতম ভাৰতীয় কাব্য যেনে পুৰাণসমূহ এই কালছোৱাতে লিখা বুলি অনুমান কৰা হয়।
গুপ্ত সাম্ৰাজ্যৰ পতনৰ কাৰণ হিচাপে উচ্চবৰ্গৰ লোকসকলৰ হাতত ক্ৰমাৎ হেৰুৱাই পেলোৱা ৰাজ্যৰ অংশ আৰু ক্ষমতা, মদ্য এচিয়াৰ হুনসকলৰ আগমণ আদি কাৰকক চিনাক্ত কৰা হয়।[12] ৬ষ্ঠ শতিকাত গুপ্ত সাম্ৰাজ্যৰ পতনৰ পিছত ভাৰতবৰ্ষ পুনৰ সৰু সৰু ৰাজ্যত বিভক্ত হৈ পৰে আৰু গুপ্ত বংশৰ এটা ঠালে মগধত শাসন কৰিবলৈ লয়। ইয়াৰ পিছতে ৭ম শতিকাৰ প্ৰথমভাগত বৰ্ধন বংশৰ হৰ্ষবৰ্ধনে হৰ্ষ সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে।