নামনি অসম
From Wikipedia, the free encyclopedia
ভাৰতৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিমাংশৰ সমতল ভূমি অঞ্চলটোক নামনি অসম নাইবা পশ্চিম অসম (ইংৰাজী: Lower Assam বা Western Assam) বুলি জনা যায়[1]। এই অঞ্চলতেই এক সময়ত শক্তিশালী কামৰূপ ৰাজ্য আছিল (৩ চনৰ পৰা ১২ চনলৈকে)। উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ চহৰ গুৱাহাটী এই নামনি অসমতেই আছে। গুৱাহাটী চহৰত অসমৰ ৰাজধানী দিছপুৰ অৱস্থিত।