বাবৰী মছজিদ
ভাৰতৰ অযোধ্যা নগৰৰ মছজিদ, ১৯৯২ চনত ধ্বংস কৰা হৈছিল / From Wikipedia, the free encyclopedia
বাবৰী মছজিদ (IAST: Bābarī Masjid; অৰ্থ বাবৰৰ মছজিদ) ভাৰতৰ অযোধ্যা নগৰৰ এটি মছজিদ আছিল৷ মছজিদৰ শিলালিপি অনুসৰি, ইয়াক মোগল সম্ৰাট বাবৰৰ সেনাপতি জেনাৰেল মিৰ বাকিয়ে ১৫২৮-২৯ চনত (৯৩৫ হিঃ) নিৰ্মাণ কৰাইছিল। ১৯৯২ চনত হিন্দু কৰসেৱকসকলে মছজিদটো আক্ৰমণ কৰি ভাঙি দিয়ে আৰু ফলত ভাৰত উপমহাদেশত সাম্প্ৰদায়িক হিংসাৰ সূত্ৰপাত ঘটে।[1][2]
বাবৰী মছজিদ | |
---|---|
সাধাৰণ তথ্য | |
স্থান | অযোধ্যা, উত্তৰ প্ৰদেশ, ভাৰত |
ভৌগোলিক স্থানাংক | 26.7956°N 82.1945°E / 26.7956; 82.1945 |
ধৰ্মীয় আনুগত্য | ইছলাম |
স্থাপত্য সম্পৰ্কীয় বৰ্ণনা | |
স্থাপত্য শৈলী | টাগলাক |
সম্পূৰ্ণ | ১৫২৮–২৯ |
নিৰ্দিষ্টকৰণ |
ওঠৰ শতিকাৰ পৰা এই মছজিদ হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত বিবাদৰ কেন্দ্ৰবিন্দু হৈ আছিল। হিন্দুসকলে বিশ্বাস কৰে যে মছজিদটো হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান দেৱতা ৰামৰ জন্মস্থানত নিৰ্মাণ কৰা হৈছিল৷[3][4]
মছজিদটো ৰামকোট ("ৰামৰ দুৰ্গ") নামেৰে পৰিচিত এখন পাহাৰত অৱস্থিত।[5] হিন্দুসকলৰ মতে মিৰ বাকিয়ে এই ঠাইত ৰামৰ এটা পূৰ্ব বিদ্যমান মন্দিৰ ধ্বংস কৰিছিল। মন্দিৰটোৰ অস্তিত্ব এক বিতৰ্কৰ বিষয়।[6] এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এক আদেশমৰ্মে ২০০৩ চনত ভাৰতীয় প্ৰত্নতাত্ত্বিক বিভাগৰ এটা দলে উক্ত স্থানত খননকাৰ্য্য চলায়৷ এই খননত পোৱা বিভিন্ন সামগ্ৰীৰ মতে ভেটিৰ তলত হিন্দু গাঁথনি আছে৷ প্ৰমাণবোৰৰ ভিত্তিত এলাহাবাদ উচ্চ ন্যায়ালয়ে কয় যে বাবৰী মছজিদ খালি ঠাইত নিৰ্মাণ কৰা হোৱা নাছিল আৰু খননত পোৱা তলৰ গাঁথনি ইছলামীয় নহয়৷[7][8][9]
ঊনৈশ শতিকাৰ আৰম্ভণিৰ পৰা মছজিদটোক লৈ হিন্দু আৰু মুছলমানসকলৰ মাজত ভালেমান দ্বন্দ্ব হৈছিল আনকি এই দ্বন্দ্ব আদালতলৈকেও গৈছিল। ১৯৪৯ মছজিদৰ ভিতৰত গোপনভাৱে ৰাম আৰু সীতাৰ মূৰ্তি স্থাপন কৰা হয়, ফলত অধিক বিৰোধ কমাবলৈ চৰকাৰে মছজিদটো তলাবদ্ধ কৰি দিয়ে।[10] প্ৰৱেশৰ বাবে হিন্দু আৰু মুছলমান উভয় পক্ষই আদালতত গোচৰ ৰুজু কৰিছিল।[11]
১৯৯২ চনৰ ৬ ডিচেম্বৰত বিশ্ব হিন্দু পৰিষদ আৰু মিত্ৰ সংগঠনৰ লগত যুক্ত হিন্দু কৰ্মীসকলৰ এখন বিশাল দলে মছজিদটো ভাঙি পেলায়৷ ফলত দক্ষিণ এছিয়া, মধ্য প্ৰাচ্য আৰু সংযুক্ত ৰাজ্যত[1][2] সংঘৰ্ষৰ সৃষ্টি হয় আৰু প্ৰায় ২০০০-৩০০০ লোক নিহত হয়।[12][13][14][15][16][17]
২০১০ চনৰ ছেপ্টেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে মছজিদটো ৰামৰ জন্মস্থান হিচাপে বিশ্বাস ভূমিত নিৰ্মাণ হোৱা বুলি হিন্দুসকলে কৰা দাবী মানি লয় আৰু এটা ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মূল গম্বুজৰ ঠাইখিনি প্ৰদান কৰে। মছজিদ নিৰ্মাণৰ বাবে মুছলমানসকলকো সেই ঠাইৰ এক তৃতীয়াংশ ভূমি দিয়া হৈছিল।[18][19] এই সিদ্ধান্তৰ পাছত সকলো পক্ষই উচ্চতম ন্যায়ালয়ত আপিল কৰিছিল য'ত পাঁচগৰাকী বিচাৰকৰ পীঠে ২০১৯ চনৰ আগষ্টৰ পৰা অক্টোবৰলৈকে শুনানি লয়।[19][20] ২০১৯ চনৰ ৯ নবেম্বৰত উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰি সম্পূৰ্ণ ঠাই (সাঁচ:Convert/LoffAoffDorSoffNa ভূমি) হিন্দু মন্দিৰ তৈয়াৰ কৰিবৰ বাবে এখন ট্ৰাষ্টৰ হাতত হস্তান্তৰ কৰাৰ আদেশ দিয়ে। মছজিদ নিৰ্মাণৰ বাবে উত্তৰ প্ৰদেশ কেন্দ্ৰীয় ছুন্নি ৱাকফ বোৰ্ডক বিকল্প সাঁচ:Convert/LoffAoffDbSonNa ভূমি দিবলৈও চৰকাৰক নিৰ্দেশ দিয়ে।[21] সেই অনুসৰি চৰকাৰে অযোধ্যাৰ পৰা ১৮ kilometre (11 মাইল) দূৰত আৰু পূৰ্বৰ বাবৰী মছজিদৰ পৰা পথেৰে ৩০ kilometre (19 মাইল) দূৰত ধান্নিপুৰ গাঁৱৰ এডোখৰ মাটি দিয়ে৷[22][23] ২০২১ চনৰ ২৬ জানুৱাৰীত মছজিদটোৰ নিৰ্মাণকাৰয্য আৰম্ভ হয়৷[24][25]