বিশ্ব হেপাটাইটিছ দিৱস
From Wikipedia, the free encyclopedia
বিশ্ব হেপাটাইটিছ দিৱস প্ৰতি বছৰে ২৮ জুলাই তাৰিখে গোটেই বিশ্বতে পালন কৰা এক সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে হেপাটাইটিছ প্ৰতিৰোধ আৰু সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰে। হেপাটাইটিছ বা যকৃতৰ প্ৰদাহ ৰোগৰ চাৰিটা প্ৰকাৰ হেপাটাইটিছ এ, হেপাটাইটিছ বি, হেপাটাইটিছ চি আৰু হেপাটাইটিছ ডিৰ প্ৰতিৰোধ, চিনাক্তকৰণ আৰু চিকিৎসাৰ বিষয়ে সজাগতা সৃষ্টি কৰা এই দিৱসৰ মূল উদ্দেশ্য। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতি বছৰে কোটি কোটি মানুহ হেপাটাইটিছত আক্ৰান্ত হয় আৰু তাৰে ১৩.৪ লাখ লোকৰ মৃত্যু হয়।[1] হেপাটাইটিছৰ পৰা যকৃত সম্পৰ্কীয় আন আনুষংগিক ৰোগ সংঘটিত হব পাৰে।
বিশ্ব হেপাটাইটিছ দিৱস | |
---|---|
বিশ্ব হেপাটাইটিছ দিৱসৰ ল'গ' | |
পালন কৰে | বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহ |
প্ৰকাৰ | International |
তাৰিখ | ২৮ জুলাই |
উদযাপন | হেপাটাইটিছৰ বিষয়ে সজাগতা সৃষ্টি |
পৰৱৰ্তী তাৰিখ | same day each year |
অৱধি | 1 day |
সংঘটন | annual |
বিশ্ব হেপাটাইটিছ দিৱস বিশ্ব স্বাস্থ্য সংস্থায়ে পালন কৰা বিশ্বৰ স্বাস্থ্যৰ লগত জড়িত ১১ টা চৰকাৰী দিৱস আৰু কাৰ্যসূচীৰ অন্যতম। বাকীকেইটা হ’ল বিশ্ব যক্ষ্মা দিৱস, বিশ্ব ৰোগ প্ৰতিৰোধক সপ্তাহ, বিশ্ব স্বাস্থ্য দিৱস, বিশ্ব ধঁপাতবিৰোধী দিৱস, বিশ্ব এইড্ছ দিৱস, বিশ্ব ৰক্তদাতা দিৱস, বিশ্ব মেলেৰিয়া দিৱস, বিশ্ব চগাছ ৰোগ দিৱস, বিশ্ব ৰোগী সুৰক্ষা দিৱস আৰু বিশ্ব জীৱাণুৰোধী সজাগতা সপ্তাহ।[2]
হেপাটাইটিছ গ্ৰুপ, ৰোগী, চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলে প্ৰতিবছৰে হেপাটাইটিছ দিৱস উদযাপন কৰাত আগ-ভাগ লয়।