ভিনচেণ্ট ভেন গঘ
From Wikipedia, the free encyclopedia
ভিনচেণ্ট ৱীলেম ভেন গঘ (৩০ মাৰ্চ, ১৮৫৩ – ২৯ জুলাই, ১৮৯০) আছিল হলেণ্ডৰ প'ষ্ট-ইম্প্ৰেচনিষ্ট চিত্ৰকাৰ। বিংশ শতাব্দীত ৰঙৰ বিচিত্ৰতা আৰু আৱেগপ্ৰৱণতাৰে ভৰা তেওঁৰ সৃষ্টিয়ে দূৰ-দূৰণিলৈকে প্ৰভাৱ পেলাইছিল। উদ্বিগ্নতা আৰু সঘনাই উক দিয়া মানসিক ৰোগত তেওঁ ভুগিছিল আৰু মাত্ৰ ৩৭ বছৰ বয়সত বিশেষ খ্যাতি পোৱাৰ আগেয়েই আত্মঘাতী বন্দুকৰ গুলিত তেওঁৰ দেহাৱসান ঘটে।
ভিনচেণ্ট ভেন গঘ | |
---|---|
ইজেলৰ সন্মুখত আত্ম প্ৰতিকৃতি, জানুৱাৰী ১৯৮৮, Oil on canvas, ৬৫ × ৫০.৫ ছে.মি., ভেন গঘ সংগ্ৰহালয়, আমষ্টাৰদাম (F522) | |
নাম | ভিনচেণ্ট ৱীলেম ভেন গঘ |
জন্ম | ৩০ মাৰ্চ, ১৮৫৩ জুনডাৰ্ট, নেডাৰলেণ্ড |
মৃত্যু | ২৯ জুলাই, ১৮৯০ ৩৭ বছৰ উভাৰ্চ-চাৰ-অইজ, ফ্ৰান্স |
দেশ | নেডাৰলেণ্ড |
পেচা | চিত্ৰশিল্পী |
বিপ্লৱ | উত্তৰ-ইম্প্ৰেচনবাদ |
কৰ্মৰাজী | দা পটেট' ইটাৰ্ছ, ছানফ্লাৱাৰ্ছ, দ্য ষ্টাৰী নাইট, আইৰিচেছ, পৰ্ট্ৰেইট অৱ ড: গেছেট, দা নাইট কেফে, হ্বিটফিল্ড ৱিড ক্ৰ'ৱছ |
প্ৰভাৱ | এণ্টন মুভ, জিন-ফ্ৰানক'ছ মিলেট, এল্ডফ জোছেফ থমাছ মণ্টিছেলী, ইম্প্ৰেচনবাদ, উকিঅ'-ই |
কলাৰ প্ৰতি ভেন গঘৰ বহু কম বয়সৰ পৰাই ৰাপ আছিল। শৈশৱৰ পৰাই তেওঁ ছবি আকিছিল আৰু চিত্ৰকলাৰ চৰ্চা সচৰাচৰ কৰি গৈছিল। শেষত তেওঁ চিত্ৰকাৰ হোৱাৰ সিদ্ধান্ত লয়। কিন্তু বিশ বছৰ বয়সলৈকে তেওঁ মানবিশিষ্ট চিত্ৰ অঁকা নাছিল। জীৱনৰ শেষ দুটি বছৰতহে তেওঁ নিজৰ বহুখনি প্ৰসিদ্ধ ছবিক সম্পূৰ্ণ কৰি তোলে। মাত্ৰ এটা দশকতকৈ অলপ বেছি সময়ৰ ভিতৰত ভেন গঘে ২০০০তকৈও অধিক শিল্পকৃতি ৰচনা কৰিছিল, যাৰ ভিতৰত আছিল ৯০০খন আলেখ্য আৰু ১,১০০খন চিত্ৰ আৰু নক্সা। তেওঁৰ সৃষ্টিৰ ভিতৰত বহুকেইখন আত্ম-প্ৰতিকৃতি, প্ৰাকৃতিক দৃশ্যৰ চিত্ৰ, আলেখ্য আৰু হ্বিটফিল্ড ৱিড ক্ৰ'ৱছ, ছানফ্লাৱাৰ্ছ ইত্যাদি উল্লেখযোগ্য।
ভেন গঘে ডেকাকালৰ আৰম্ভণিতে শিল্প-বাণিজ্যৰ সৈতে জড়িত এটা প্ৰতিষ্ঠানত কাম কৰিছিল আৰু কৰ্মসংক্ৰান্তত হেগ, লণ্ডন আৰু পেৰিছ আদি ভ্ৰমণ কৰি তেওঁ কিছুদিন ইংলেণ্ডত শিক্ষকতা কৰে। কিন্তু তেওঁৰ মনোবাঞ্ছা আছিল ধৰ্ম্ম-প্ৰচাৰক হোৱাৰ। সেইবাবে ১৮৭৯ চনৰ পৰা বেলজিয়ামৰ এটা খনিৰ এলেকাত পাদুৰী হিচাবে কাম কৰে আৰু থলুৱা বাসিন্দাসকলৰ ছবি আঁকিবলৈ আৰম্ভ কৰে। ১৮৮৫ চনত ভেন গঘে তেওঁৰ জীৱনৰ প্ৰথমখন উল্লেখযোগ্য চিত্ৰ, "দা পটেট' ইটাৰ্ছ" অংকন কৰে। এই সময়ত তেওঁৰ ছবিত বিশেষকৈ অনুজ্জ্বল মাটিয়া ৰঙৰ প্ৰাধান্য আছিল আৰু অনাগত দিনৰ ছবিবোৰত ব্যৱহাৰ কৰা উজ্জ্বল ৰঙৰ চিন এই সময়ৰ ছবিসমূহত নাছিল। ১৮৮৬ চনৰ মাৰ্চ মাহত তেওঁ পেৰিছলৈ যায়, আৰু ফ্ৰেঞ্চ ইম্প্ৰেচনিষ্ট সকলক লগ পায়। পিছত তেওঁ দক্ষিণ ফ্ৰান্সলৈ যায় আৰু সেই এলেকাৰ ৰ'দৰ উজ্জ্বল ৰশ্মিয়ে তেওঁক বাৰুকৈয়ে প্ৰভাৱিত কৰে। তেওঁৰ সৃষ্টিয়ে এই সময়তে উজ্জ্বল ৰূপ লয় আৰু তেওঁ এক অনন্য তথা বিশিষ্ট শৈলী বিকশিত কৰে। ১৮৮৮ চনৰ আৰ্লেছত থকা সময়ত এই শৈলীয়ে পূৰ্ণাংগ ৰূপ পায়।
ভেন গঘৰ মানসিক ৰোগে তেওঁৰ চিত্ৰকলাত কিমান প্ৰভাৱ পেলাইছিল সেইটো আজিও চৰ্চাৰ বিষয়। তেওঁৰ স্বাস্থ্যৰ বিষয়ে বহু চাঞ্চল্যৰ সৃষ্টি কৰাৰ প্ৰৱণতা সত্ত্বেও আধুনিক সমালোচকসকলে এনে এজন চিত্ৰকৰৰ প্ৰতিচ্ছবি দেখা পায় যিজনে সঘনাই উক দিয়া অসুস্থতাৰ কাৰণে নিজ কাৰ্য্যৰ অকৰ্মন্যতা আৰু অস্পষ্টতাত গভীৰভাবে নিৰাশ হৈছিল। কলা সমালোচক ৰবাৰ্ট হিউজেজৰ মতে ভেন গঘৰ শেষ জীৱনৰ শিল্পকৃতিসমূহে সম্পূৰ্ণ ৰূপে নিয়ন্ত্ৰণত থকা আৰু "স্পষ্টতা আৰু উদাৰচিত্ততাৰ সন্ধান কৰা" এজন পৰিপক্ব চিত্ৰকাৰৰ পৰিচয় দিয়ে।[1]