মানৱ উন্নয়ন সূচক
From Wikipedia, the free encyclopedia
মানৱ উন্নয়ন সূচক (ইংৰাজী: Human Development Index) হৈছে জীৱন প্ৰত্যাশা, শিক্ষা আৰু জনমূৰি আয়ৰ ভিত্তিত গঢ়ি তোলা এটা সামগ্ৰিক পাৰিসাংখ্যিক মান যাৰ দ্বাৰা বিশ্বৰ দেশসমূহক মানৱ উন্নয়নৰ চাৰিটা স্তৰত ভগোৱা হয়। এখন দেশৰ মানৱ উন্নয়ন সূচক বেছি হয় যদিহে দেশখনৰ জীৱন প্ৰত্যাশা বেছি হয়, শিক্ষাৰ মানদণ্ড উন্নত হয় আৰু জনমূৰি মুঠ ঘৰুৱা উৎপাদন অধিক হয়| ভাৰতৰ অৰ্থনীতিবিদ অমৰ্ত্য সেন আৰু পাকিস্তানৰ অৰ্থনীতিবিদ মাহবুব উল হকে এই সূচক উলিয়াইছিল যিটো পিছলৈ ৰাষ্ট্ৰসংঘ উন্নয়ন কাৰ্যসূচীৰ দ্বাৰা দেশসমূহৰ উন্নয়ন জুখিবলৈ ব্যৱহাৰ কৰা হয়।[2][3]
0.800–1.000 (very high)
0.700–0.799 (high) 0.550–0.699 (medium) |
0.350–0.549 (low) Data unavailable |
মাহবুব উল হকৰ মতে মানুহে জীৱনত হ’ব বিচৰাটো বা কৰিব বিচৰাটো কৰিব পাৰে নে নাই তাৰ ওপৰত এই সূচকটো নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে সুখাদ্য, সুস্বাস্থ্য, শিক্ষা, জীৱিকা, সামাজিক জীৱনত অংশগ্ৰ্হণ আদি। এই কথা লক্ষণীয় যে সকলোৰে বাছনি কৰাৰ অধিকাৰ আছে- কোনোবাই ধৰ্মীয় কাৰণত লঘোণে থকা আৰু কিনিবলৈ সামৰ্থ্য নথকা বাবে লঘোণে থকাৰ মাজত বহুত পাৰ্থক্য আছে।[4]