সতীদাহ প্ৰথা
From Wikipedia, the free encyclopedia
সতীদাহ প্ৰথা হৈছে বৰ্তমান লুপ্ত হোৱা এটি অন্তিম সংস্কাৰ প্ৰক্ৰিয়া য'ত এগৰাকী বিধৱা মহিলাই নিজৰ স্বামীৰ মৃত্যুৰ পিছত স্বামীৰ চিতাত আত্মজাহ দিয়ে।[1][2][3]
এই প্ৰথাটো তৃতীয় শতাব্দীৰ পৰাই প্ৰচলিত বুলি উল্লেখ আছে[4] যদিও ৰজাৰ পত্নীসকলে পঞ্চমৰ পৰা নৱম শতিকাৰ এই প্ৰথা মানি চলাৰ প্ৰমাণ পোৱা যায়। এই প্ৰথা উত্তৰ ভাৰতৰ ৰাজতন্ত্ৰৰ পৰা আৰম্ভ হোৱা বুলি কোৱা হয়। দশম শতিকাৰ পৰা এই ধাৰণাই জনপ্ৰিয়তা লাভ কৰে আৰু দ্বাদশৰ পৰা অষ্টাদশ শতিকালৈ বাকী লোকসকলৰ মাজতো চলিব ধৰে। এই প্ৰথাটো কিছুমান হিন্দু সম্প্ৰদায়ৰ মাজত[5] দেখা গৈছিল বিশেষকৈ পৰিয়ালতান্ত্ৰিক ব্যৱস্থাযুক্ত সম্প্ৰদায়ৰ মাজত।[6] দক্ষিণ পূব এছিয়াৰ দেশ ইণ্ডোনেছিয়া[7] আৰু ভিয়েটনামতো এই প্ৰথা দেখা গৈছিল। অৱশ্যে সতীদাহ প্ৰথা সমগ্ৰ ভাৰতীয় উপমহাদেশত প্ৰচলিত নাছিল বা ধৰ্মগ্ৰন্থতো উল্লেখ নাছিল।[8]
১৮০৩ চনত কলিকতাত নিষিদ্ধ কৰা সত্ত্বেও কলিকতাৰ ৪৮ কিলোমিটাৰ ব্যাসাৰ্ধত উইলিয়াম কেৰীয়ে ৪৩৮টা সতীদাহৰ ঘটনা প্ৰত্যক্ষ কৰিছিল।[9] ১৮১৫ চনৰ পৰা ১৮১৮ চনলৈ বেঙ্গলত সতীদাহৰ ঘটনা দুগুণ হৈ ৩৭৮ৰ পৰা ৮৩৯টা হৈছিলগৈ। খ্ৰীষ্টান মিছনেৰী উইলিয়াম কেৰী আৰু ব্ৰাহ্মণ হিন্দু সমাজ সংস্কাৰক ৰামমোহন ৰায়ৰ প্ৰচেষ্টাত ১৮২৯ চনত বেঙ্গল চৰকাৰে সতীদাহ প্ৰথা নিষিদ্ধ ঘোষণা কৰে।[10][11] তাৰপিছত ভাৰতৰ বাকী প্ৰিন্সলী ষ্টেটসমূহতো একেই আইন প্ৰয়োগ কৰাৰ পিছত ১৮৬১ চনত মহাৰাণী ভিক্টোৰিয়াই গোটেই ভাৰতত এই প্ৰথা বন্ধ কৰে। নেপালত ১৯২০ চনত সতীদাহ প্ৰথা বন্ধ কৰা হয়। ১৯৮৮ চনত ভাৰতত সতী প্ৰতিৰোধ আইনখন বলৱৎ কৰা হয়।